HSLC আৰু HS পৰীক্ষা ১৫ মাৰ্চৰ পৰা অনুষ্ঠিত হ’বঃ অসমৰ শিক্ষা মন্ত্ৰী

Guwahati: হাইস্কুল শিক্ষান্ত পৰীক্ষা (HSLC) আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা (Higher Secondary Exam) পৰীক্ষা ২০২২ চনৰ ১৫ মাৰ্চৰ পৰা অনুষ্ঠিত হ’ব বুলি বৃহস্পতিবাৰে অসমৰ শিক্ষা (Education Minister) মন্ত্ৰী ৰানোজ পেগুৱে কয়।

তেওঁ সৰ্ব শিক্ষা অভিযানৰ সৈতে এখন বৈঠকত অংশ গ্ৰহণ কৰাৰ পিছত এই কথা জনায় আৰু কয়, ” হাইস্কুল শিক্ষান্ত পৰীক্ষা (HSLC) আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা (Higher Secondary Exam) পৰীক্ষা মাৰ্চৰ দ্বিতীয় সপ্তাহৰ পৰা অনুষ্ঠিত হ’ব আৰু সম্ভৱত এপ্ৰিলৰ প্ৰথম সপ্তাহৰ ভিতৰত সমাপ্ত হ’ব।

তেওঁ লগতে কয় যে পৰীক্ষাৰ পূৰ্বে ৰাজ্যখনত ৩ জানুৱাৰীৰ পৰা টিকাকৰণ আৰম্ভ কৰা হ’ব আৰু প্ৰতিখন জিলাতে প্ৰতিদিনে ১৫ খন বিদ্যালয়ক লক্ষ্য কৰি লোৱা হ’ব যাতে ইয়াক সোনকালে সম্পূৰ্ণ কৰিব পৰা যায়।

Leave a Comment